আদিবাসী জনগোষ্ঠীৰ ইতিহাস বিনষ্ট কৰাৰ চেষ্টা কৰা সুশিল কুৰ্মীৰ পুত্তলিকা দাহ আছাৰ

 06/04/2019 - 16:06

শ্ৰীৰামপুৰ: অসম মাধ্যমিক শিক্ষা পৰিষদে প্ৰস্তুত কৰি উলিওৱা নৱম আৰু দশম শ্ৰেণীৰ বাবে "বৈচিত্ৰ্যময় অসম" নামৰ পাঠ্যপুথিখনৰ ৪৩ ৰপৰা ৪৬ পৃষ্ঠাত ভাৰতৰ পুৰণি আদিবাসী জনগোষ্ঠীটোক চাহ জনগোষ্ঠী বুলি উত্থাপন কৰা কাৰ্যত জাঙুৰ খাই উঠিছে আদিবাসী জনগোষ্ঠীয় বিভিন্ন দল সংগঠন৷ উক্ত কাৰ্যৰ প্ৰতিবাদ জনাই আজি গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত আছাই অসম সাহিত্য সভাৰ বিষয়ববীয়া সুশীল কুৰ্মীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

আছাৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আয়োজিত প্ৰতিবাদী কাৰ্যসুচীত অংশগ্ৰহণ কৰা কৰ্মকৰ্তাসকলে সুশীল কুৰ্মী মুৰ্দাবাদ, আদিবাসীসকলক লৈ ষড়যন্ত্ৰ নচলিব, অসম সাহিত্য সভা হুচিয়াৰ আদি শ্ল'গান দি পৰিস্থিতি উত্তাল কৰি তোলে৷ কাৰ্যসুচীত অংশগ্ৰহণ কৰা জিলা উপদেষ্টা পিটাৰ হাছদাই কয় যে সুশীল কুৰ্মীৰ এনে লেখাই অদূৰ ভৱিষ্যতে জনগোষ্ঠীটোক পংগু কৰি পেলাব আৰু অসমৰ ইতিহাস ভূলকৈ জনগোষ্ঠীৰ নামটো লিপিবদ্ধ হৈ ৰ'ব৷

গতিকে এনে ভূৱা নামৰ নামাকৰন উঠাই ল'বলৈ দাবী কৰে অন্যথা তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।