চাপৰত বন বিষয়াৰ অভিযানঃ শাল গছৰ কুণ্ডা জব্দ

 11/26/2021 - 18:17
 
 
 
 
 
চাপৰঃ ধুবুৰী জিলাৰ চাপৰ বহলপুৰ আঞ্চলিক বন বিষয়াই ৰাইজৰ সহযোগত অভিযান চলাই ফলিমাৰী বাঙালডোবা বনাঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ শাল গছৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয়। জানিব দিয়া মতে কোনোবা দুষ্ট চক্ৰই PRF ৰ শাল গছবোৰ কাটে যদিও লৈ যাবলৈ সক্ষম হোৱা নাছিল।
বন বিষয়াই বনাঞ্চলৰ অবৈধ খনন কাৰ্য কঠোৰ হাতে দমন কৰাৰ পৰিপ্ৰেক্ষিতত হিতাহিত জ্ঞান হেৰুৱাই ভূ-মাফিয়াৰ নেতৃত্বতেই এনে ধৰণৰ বনাঞ্চল ধ্বংস হৈ আছে বুলি একাংশই দাবী কৰে। উক্ত শাল গছৰ কুণ্ডাৰ মূল্য প্ৰায় অৰ্ধলক্ষ্যাধিক হব বুলি জানিব দিয়ে। ঘটনা সন্দৰ্ভত চাপৰ বহলপুৰ বন বিষয়াই অভিযান অব্যাহত ৰাখিছে।
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।