নগাঁও জিলাৰ কামপুৰৰ মায়ামৰ সাংস্কৃতিক সমাজৰ উদ্যোগত ভক্তি মংগল ঘোষা শাস্ত্ৰ পাঠ আৰু ব্যাখ্যা

 11/27/2021 - 12:45
 
 
 
কামপুৰঃ নগাঁও জিলাৰ মায়ামৰা সাংস্কৃতিক সমাজৰ উদ্যোগত কামপুৰৰ ঘিলানী গাঁৱৰ নামঘৰত অনুষ্ঠিত হৈছে ভক্তি মংগল ঘোষা শাস্ত্ৰ পাঠ আৰু ব্যাখ্যা।যোৱা শুকুৰবাৰৰ পৰা অনুষ্ঠিত হৈছে এই কাৰ্যসূচী। ধৰ্মীয় ৰীতি-নীতিৰ মাজৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা। এই উপলক্ষে গাঁওখনত এক ভাগৱত শোভাযাত্ৰাও উলিওৱা হয়। ধৰ্মীয় এই মাংগলিক কাৰ্যসূচীৰ পিছত গাঁওখনত হৰি নামৰ ধ্বনিত মুখৰিত হৈ পৰিছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।