মৰিগাঁৱত আকাশ হুণ্ডাইৰ শ্ব’ৰূম মুকলি জনপ্ৰিয় অভিনেতা ৰাগ ঐনিতমৰ

 06/04/2019 - 16:17

মৰিগাঁওঃ মৰিগাঁও চহৰস্থিত আকাশ হুণ্ডাই প্ৰতিষ্ঠানত হুণ্ডাইৰ নতুন কমপেক্ট ছাব ভেন্যুৰ উদ্বোধন কৰা হয়। বজাৰলৈ নতুনকৈ অহা এই বিলাসী বাহনত আৰু বহু আধুনিকতাৰ পৰশ থকা ছাব ভেন্যু উদ্বোধন কৰে জনপ্ৰিয় অভিনেতা ৰাগ ঐনিতমে।

উল্লেখ্য হুণ্ডাইৰ ভেন্যুত বহুকেইটা স্মাৰ্ট টেকন’লজী সংলগ্ন কৰা হৈছে বুলি উদ্বোধক আৰু নগাঁও শাখাৰ পৰিচালকগৰাকীয়ে উল্লেখ কৰি মৰিগাঁৱৰ ৰাইজৰ সহায় সহযোগিতা কামনা কৰে। নগাঁও-মৰিগাঁও পথত তথা মৰিগাঁও বিদ্যুৎ বিভাগৰ বিপৰীতে মুকলি কৰা এই অনুষ্ঠানতে আৰ্কষণীয় সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে সকলো গ্ৰাহক তথা উপস্থিত ৰাইজক আকৰ্ষিত কৰিবলৈ প্ৰয়াস চলাই প্ৰতিষ্ঠানটোৰ কৰ্মকৰ্ত্তাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।