৬ ডিচেম্বৰত ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি

 11/27/2021 - 13:32
 
 
নিউজ ডেস্কঃ অহা ৬ ডিচেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’বলগা ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশ লোৱাৰ উদ্দেশ্যে ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি  ভ্লাদিমিৰ পুটিন৷ভাৰত ভ্ৰমণৰ এই সময়ছোৱাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দুয়োৰাষ্ট্ৰৰ বৈঠকত মিলিত হ’ব৷ দুয়োখন ৰাষ্ট্ৰৰ মাজত দ্বিপাক্ষিক সন্মিলনৰ সম্পৰ্কে আলোচনা কৰাৰ উপৰি কৌশলগত অংশীদাৰিত্বৰ সম্পৰ্কেও আলোচনাত মিলিত হ’ব৷
 
ইয়াৰ উপৰি ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ সৈতে বৈঠকত মিলিত হ’ব ৰাছিয়া এই মন্ত্ৰীদ্বয়৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৯ চনত পূৱ ৰাছিয়াৰ ভ্লাদিভষ্টক চহৰ ভ্ৰমণ কৰিছিল। ভাৰতে সেই সময়ত পূৱ ৰাছিয়াৰ বিকাশত ভাৰতীয় ব্যৱসায়িক অংশগ্ৰহণ বৃদ্ধি কৰিবলৈ ১ বিলিয়ন ডলাৰৰ ছফ্ট ক্ৰেডিট লাইন ঘোষণা কৰিছিল। ইফালে, সন্মিলনখনত এছ-৪০০ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হ’ব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰিও, ভাৰতত ৰাছিয়ান স্পুটনিক লাইট ভেকছিন ব্যাপকভাৱে প্ৰস্তুত কৰা হৈছে। সেই অনুসৰি কৰোনা ভাইৰাছৰ বিষয়েও বৈঠকত আলোচনাৰ সম্ভাৱনাও আছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।