11/27/2021 - 14:55
in
শালবাৰীঃ অহা ৭,৮ আৰু ৯ জানুৱাৰীত অনুষ্ঠিত হ'ব বাক্সা জিলা এবছু(ABSU)ৰ বাৰ্ষিক অধিৱেশন। খাৰিজা বিজনী এবছুৰ উদ্যোগত অনুষ্ঠিত হ'ব অধিৱেশনখন। সেই উপলক্ষে আজি মইনামাতাৰ হেলচিগুৰীত অধিৱেশনখনৰ লাইখুঁটা স্থাপন কৰা হয়। লাইখুঁটা স্থাপন কৰে এবছুৰ বাক্সা জিলা সভাপতি উমেশ দৈমাৰীয়ে। ধৰ্মীয় ৰীতি-নীতিৰে লাইখুঁটা স্থাপন কৰি দৈমাৰীয়ে অধিৱেশনখন সাফল্যমণ্ডিত কৰাৰ বাবে ৰাইজৰ সহায় সহযোগিতা কামনা কৰে। উল্লেখ্য যে অনুষ্ঠানটোত UPPLৰ জ্যেষ্ঠ নেতা যোগেশ্বৰ বসুমতাৰী, সমাজকৰ্মী বানাসিং গয়াৰীৰ লগতে বহুসংখ্যক ABSUকৰ্মী আৰু ৰাইজ উপস্থিত থাকে।