ফকিৰগঞ্জ আৰক্ষী থানাৰ আৰক্ষী কনিষ্টবলৰ আকস্মিক মৃত্যু, অঞ্চলজুৰি শোকৰ ছাঁ

 11/27/2021 - 15:18
 
 
 
মানকাচৰঃ ফকিৰগঞ্জ আৰক্ষী থানাত কৰ্তব্যৰত এ বি এছ আই আব্দুল গফুৰ সেখৰ আকস্মিক মৃত্যুয়ে অঞ্চল জুৰি শোকৰ ছাঁ পেলাইছে। আন দিনাৰ দৰে যোৱা নিশা আৰক্ষী কনিষ্টবল জনে নিশাৰ আহাৰ খাই শুৱলৈ যায়৷ পুৱা তেওঁৰ সতীৰ্থ এজনে মাতি দিয়াত অচেতন অৱস্থাত দেখি লগে লগে আৰক্ষী বিষয়া ৰাম ৰাওতিয়াক খবৰ দিয়ে৷
 
আৰক্ষী বিষয়াজনে চিকিৎসালৈ নিয়াৰ ব্যৱস্থা কৰে যদিও চিকিৎসকে মৃত্যু বুলি ঘোষণা কৰে৷ ইয়াৰ পিছত আৰক্ষী বিষয়াজনে উৰ্ধতম কৰ্তৃপক্ষক অৱগত কৰে৷ মৃত্যু আৰক্ষী কনিষ্টবলজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী হাস্পতালত নিয়া হয়৷ হৃদক্ৰিয়া বন্ধ হৈ মৃত আৰক্ষী কনিষ্টবল জনৰ ঘৰ গোৱালপাৰা জিলাৰ গোসাইডুবি মুছলমানপাৰা গাঁৱত বুলি জানিবপৰা গৈছে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।