গহপুৰৰ জাৰণি গাঁৱত ৰে’লৰ খুন্দাত প্ৰাণ গ'ল দুই যুৱকৰ

 11/27/2021 - 16:53
 
 
গহপুৰঃ গহপুৰৰ জাৰণি গাঁৱৰ ৰে’ল ক্ৰচিঙৰ ওচৰত ৰে’লে দুজন যুৱকক মহতিয়াই নিয়ে। প্ৰাপ্ত খৱৰ অনুসৰি জাৰণি গাঁও ৰে’লৰ ক্ৰচিঙৰ কাষতে ৰাস অনুষ্ঠান হৈ আছিল আৰু ৰাস চাবলৈ অহা উক্ত গাঁৱৰে দুই যুৱকে নিশা প্ৰায় বাৰ বজাত লখিমপুৰ অভিমুখী ৰে’লৰ সন্মুখত পৰি  ৰে’লে কেইবা টুকুৰা কৰি কাটি পেলায়। কাষতে ৰাস চাই থকা ৰাইজে লগে লগে আৰক্ষীক খৱৰ দিয়াত গহপুৰ আৰক্ষী উপস্থিত হৈ যুবক দ্বয় নাহৰণি গাঁৱৰ অৰুণ গোৱালা আৰু আন গৰাকী যুৱক দিগন্ত বৰা বুলি চিনাক্ত কৰে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।