আমছুৰ পৱিত্ৰ ঈদ উল ফিতৰৰ শুভেচ্ছা

 06/04/2019 - 16:30

লাহৰীঘাটঃ কাইলৈ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো উলহ-মালহেৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব ত্যাগৰ উৎসৱ পৱিত্ৰ ঈদ-উল-ফিতৰ৷ সেয়ে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ আৰু ব্যস্ততা।

সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন চমুকৈ আমছুৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি দিলোৱাৰ হুছেইনে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতি যোগে সমগ্ৰ অসম তথা ভাৰতবাসীলৈ পৱিত্ৰ ঈদ-উল-ফিতৰৰ শুভেচ্ছা জনাইছে।

পৱিত্ৰ ঈদে সকলোৰে জীৱনলৈ শান্তি-সমৃদ্ধি আৰু ভাতৃত্ববোধ কঢ়িয়াই অনাৰ লগতে মানৱ সমাজৰ পৰা ভুল বুজা-বুজি, মনৰ বিদ্বেষ, ভয়-শংকা নিপাত যাওক, অটুট থাকক সাতামপুৰুষীয়া ভাতৃত্ববোধ আৰু ঐক্যৰ এনাজৰী তাৰেই কামনা কৰিছে জিলা সভাপতি হুছেইনে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।