বিহালীত বন্যহস্তীৰ তাণ্ডৱঃ পানীত হাঁহ নচৰা অৱস্থা কৃষকৰ

 11/27/2021 - 17:39
 
 
বিহালীঃ আৱাসস্থলী আৰু প্ৰয়োজনীয় খাদ্যৰ অভাৱত পৰি বনাঞ্চলৰ পৰা জাকে জাকে বনৰীয়া হাতী ভৈয়ামলৈ নামি আহি তাণ্ডৱ চলাইছে। শেহতীয়াকৈ হাতী-মানুহৰ সংঘাতে এতিয়া তীব্ৰ ৰূপ ধাৰণ কৰিছে বিহালী সমষ্টিত। বিহালী সমষ্টিৰ বিভিন্ন গাঁৱত বন্যহস্তীৰ জাকে ইখনৰ পাছত সিখনকৈ ধানৰ পথাৰত প্ৰৱেশ কৰি ধান খাই, গচকি, মোহাৰি ব্যাপক ক্ষতিসাধন কৰাৰ লগতে বহুলোকৰ বাসগৃহও ভাঙি ক্ষতিসাধন কৰা পৰিলক্ষিত হৈছে। বিহালীৰ ৰাংছালী দলনীৰ কৃষক কমল শৰ্মাই টকা খুদত লৈ দহ বিঘা মাটিত ধান খেতি কৰিছিল যদিও বনৰীয়া হাতীয়ে ধান খাই অনিষ্ট কৰাত আধা বিঘা মাটিৰো ধান নোপোৱাত মূৰে কপালে হাত দিছে। আনহাতে বনবিভাগৰ ভুমিকাতো তীব্র সমালোচনা কৰিছে সাধাৰণ কৃষক কমল শৰ্মাই। এতিয়া প্ৰশ্ন হয় বন্যহস্তীৰ জাক সমূহক বনাঞ্চললৈ খেদি পঠিওৱাত সফল হ’ব পৰা নাই কিয় বিহালীৰ বন বিভাগ। 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।