জামুগুৰিহাটৰ শিয়ালমাৰীত প্ৰয়াত বীনেন্দ্ৰ চন্দ্ৰ ভগতৰ বাৰ্ষিক স্মৃতি দিৱস ও মুকলি সভা

 11/27/2021 - 19:00
 
 
 
 
জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পূৱ মূঢ়াদল গাঁও পঞ্চায়তৰ অন্তৰ্গত শিয়ালমাৰীত শনিবাৰে ওৰাং সাহিত্য সভাৰ প্ৰয়াত নেতা বীনেন্দ্ৰ চন্দ্ৰ ভগতৰ দশম বাৰ্ষিক স্মৃতি দিৱস সভা অনুষ্ঠিত হয়৷ শোণিতপুৰ জিলা ওৰাং সাহিত্য সভাৰ উদ্যোগত তথা ন-দুৱাৰ আঞ্চলিক সমিতিৰ সহযোগত শিয়ালমাৰীৰ মহেন্দ্ৰ মোহন প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত এই স্মৃতি দিৱসত জিলাখনৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে৷
 
ওৰাং জনগোষ্ঠীৰ ভাষা, সাহিত্য, সংস্কৃতি উত্তৰণৰ কাৰণে একনিষ্ঠভাৱে সেৱা আগবঢ়ায় আজিৰ পৰা দহ বছৰৰ পূৰ্বে মৃত্যুবৰণ কৰা এই গৰাকী বীনেন্দ্ৰ চন্দ্ৰ ভগতৰ স্মৃতি চাৰণৰ উদ্দেশ্যৰে এখনি মুকলি সভাও অনুষ্ঠিত কৰা হয়৷ মুকলি সভাত অংশগ্ৰহণ কৰি ওৰাং জনগোষ্ঠীৰ ঐতিহ্য আৰু জনগোষ্ঠীটোৰ সাহিত্য, সংস্কৃতি বিকাশৰ ওপৰত বক্তৱ্য আগবঢ়ায় মূঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহাল আৰু পঞ্চায়তৰ সভানেত্ৰী মেঘালী কলিতাই৷ সভাৰ পূৰ্ব্বে শ্বহীদ বিৰংগনা মাংৰী ওৰাঙৰ স্মৃতিত এটি সোঁৱৰণি মঞ্চৰ শুভ উদ্বোধন কৰে পূৱ মূঢ়াদল গাঁও পঞ্চায়তৰ সভানেত্ৰী মেঘালী কলিতাই৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।