ফিল'বাৰী উদয়পুৰত কৈৱৰ্ত্ত যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

 11/27/2021 - 19:09
 
 
ডুমডুমাঃ সদৌ অসম কৈৱৰ্ত্ত যুৱ-ছাত্ৰ সন্মিলনৰ তিনিচুকীয়া জিলা সমিতি আৰু ফিল'বাৰী আঞ্চলিক সমিতিৰ উদ্যোগত কেন্দ্ৰীয় সমিতিৰ সহযোগত ফিল'বাৰীৰ উদয়পুৰ গাঁৱস্থিত সতী ৰাধিকা সমন্বয় ক্ষেত্ৰত একাদশ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে।
 
দুদিনীয়াকৈ আয়োজিত প্ৰতিষ্ঠা দিৱসৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত বাৰেবৰনীয়া সাংস্কৃতিত শোভাযাত্ৰা উলিওৱা হয়। সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচীত "বেহাৰবাৰী আউটপষ্ট" ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেত্ৰী ৰিচা ছেত্ৰীয়ে অংশগ্ৰহণ কৰে।
 
উল্লেখযোগ্য যে, দুদিনীয়া বৰ্ণাঢ়্য কাৰ্যসূচীৰে ফিল'বাৰীৰ উদয়পুৰ গাঁৱস্থিত সতী ৰাধিকা সমন্বয় ক্ষেত্ৰত কৈৱৰ্ত্ত যুৱ-ছাত্ৰ সন্মিলনৰ একাদশ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উযদাপন কৰা হৈছে। ইফালে, কাৰ্যসূচীৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে থাকিব অসমৰ জনপ্ৰিয় সংগীত শিল্পী হিয়া মেধিৰ গীতৰ শৰাই।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।