11/28/2021 - 12:47
in
কামপুৰঃ কঠিয়াতলি বিদ্যুৎ উপ সংমণ্ডল আৰু নগাঁও বিদ্যুৎ বিভাগৰ চি অই কঠিয়াতলি উপ সংমণ্ডলৰ অন্তৰ্গত মহগড় গাঁৱৰ ট্ৰেন্সফৰ্মাৰ যোগানক লৈ ল’ৰা ধেমালি কৰাৰ অভিযোগ উঠিছে। উল্লেখ্য যে গাঁওখনত বিগত দুটা মাহে বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰটো বিকল হৈ থকাত স্থানীয় গাঁওবাসী ব্যাপক হাৰাশাস্তিৰ সন্মুখীন হৈছে। ৰাইজৰ অভিযোগ মতে গাঁওখনৰ ২৮ টা পৰিয়ালে নিয়মিত বিদ্যুতৰ মাচুল দি থকাৰ পাছতো আজি পৰ্যন্ত গাঁওখনত ট্ৰেন্সফৰ্মাৰ যোগান ধৰা নাই। বিভাগৰ ভুলৰ বাবে ৰাইজে অন্ধকাৰত দিন অতিবাহিত কৰিবলগা হৈছে বুলি ৰাইজে অভিযোগ কৰিছে।
ৰাইজৰ অভিযোগ বিদ্যুৎ বিভাগৰ নিয়ম অনুসৰি এজন উপভোক্তাই তিনিমাহ বিল পৰিশোধ নকৰিলে তেওঁক জাননী দি বিদ্যুৎ কৰ্তন কৰিব লাগে।কিন্তু তাকে নকৰি মাহে মাহে সেই উপভোক্তা কেইজনক বিদ্যুৎ ব্যৱহাৰ কৰিবলৈ দি অৱশেষত ট্ৰেন্সফৰ্মাৰ বেয়া হোৱাৰ পাছত সেই কেইজনে বিল পৰিশোধ নকৰালৈকে নিয়মিত বিদ্যুতৰ মাচুল দি থকা কেইজনে বিদ্যুতৰ সেৱাৰ পৰা বঞ্চিত হৈছে। ৰাইজে মন্তব্য কৰে যে বিদ্যুৎ বিভাগে যদি নিয়মিতভাৱে বিদ্যুতৰ মাচুল দি থকাৰ পাছতো বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত কৰে তেনেহলে গাঁওখনৰ পৰা বিদ্যুতৰ সামগ্ৰী সমূহ উঠাই লৈ যাব লাগে। অন্যথা অতি সোনকালে গাঁওখনত বিদ্যুত যোগানৰ দাবী জনাই।