অপৰাধীৰ ৰম্যভূমিত পৰিণত হোজাইৰ নখুটি অঞ্চল

 06/04/2019 - 16:56

লংকাঃ যোৱা দুদিন পূৰ্বে নখুটিৰ খাগৰিজানত দিনদুপৰতে ঘটা ডকাইতি কাণ্ডৰ চাঞ্চল্য মাৰ নাযাওঁতেই আজি পুনৰ এক জঘন্য ঘটনা সংঘটিত হয় নখুটি চাৰ্কেবস্তি লংকাইজানত। ভূমি বিবাদক কেন্দ্ৰ কৰি আজিজুল হক নামৰ ৫০ বছৰৰ উৰ্ধৰ এগৰাকী ব্যক্তিক একে গাঁৱৰে ফকৰুদ্দিন, আব্দুল ৰছিদ, জৰিনা খাতুনে ডেগাৰ, ৰদ আদিৰে মূৰত প্ৰহাৰ কৰি প্ৰাণে মৰাৰ চেষ্টা কৰে।

স্থানীয় লোকৰ সহযোগত আজিজুল হকক আক্ৰমণকাৰীৰ হাতৰ পৰা কোনোমতে উদ্ধাৰ কৰি স্থানীয় আৰক্ষীয়ে প্ৰাথমিক চিকিৎসা কৰাই সংকটজনক অৱস্থাত নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।