বিহালীৰ টেলেঙণীয়াৰ পুখুৰীত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

 11/28/2021 - 15:22
 
 
বিহালীঃ যোৱা নিশা বিহালীৰ টেলেঙনীয়াত এজন ১৬ বছৰীয়া যুৱকৰ অকাল মৃত্যু। যুৱকজনৰ মৃতদেহ পুখুৰীত উদ্ধাৰ হোৱা ঘটনাকলৈ তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে অঞ্চলটোত৷ জানিব পৰামতে, বিহালীৰ টেলেঙণীয়া গাঁৱৰ উদয় হাজৰিকা নামৰ লোকজনৰ ঘৰৰ কাষৰে পুখুৰীত অঞ্চলটোৰেই যুৱক বিশ্বজিৎ দাস(১৬) ওৰফে বল'দা মৃতদেহ উদ্ধাৰ হয়৷
 
ৰহস্যজনক বিষয়টো হ'ল-বিশ্বজিৎ দাসৰ মৃতদেহৰ পৰা প্ৰায় ৩০ ফুট দূৰৈত উদ্ধাৰ হৈছে যুৱকজনে ব্যৱহাৰ কৰা ছেণ্ডেল৷ অঞ্চলৰ একাংশ লোকৰ অভিযোগ এইয়া এক পৰিকল্পিত হত্যাকাণ্ড৷ ইতিমধ্যে, বিহালী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত সোধ-পোচ কৰিবলৈ তিনিজনলোকক আটক কৰিছে৷ তদুপৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবেও ব্যৱস্থা কৰা হৈছে৷ মৰণোত্তৰ পৰীক্ষাৰ পাছতহে আচল ৰহস্য উদঘাটন হ’ব। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।