পুনৰ হত্যাৰ ভাবুকিৰে গৌতম গম্ভীৰলৈ ই-মেইলঃ দিল্লী আৰক্ষীতে আছে আমাৰ মানুহ, এইবাৰ বাছি থাকিব নোৱাৰিব'

 11/28/2021 - 18:22
 
 
নিউজ ডেস্কঃ ২৮ নৱেম্বৰৰ দিনা হত্যাৰ ভাবুকিৰে এটা ই-মেইল লাভ কৰে গম্ভীৰে। তৃতীয়বাৰৰ বাবে এনেধৰণৰ ভাবুকি পত্ৰ লাভ কৰিলে বিজেপিৰ সাংসদজনে। 'এইবাৰ কোনো কাৰণতে আপোনাক কোনেও ৰক্ষা কৰিব নোৱাৰিব। দিল্লী আৰক্ষীৰ মাজতে আছে আমাৰ মানুহ।'-এনেধৰণৰ কথাৰে মেইল আহিছে গম্ভীৰলৈ।ইয়াৰ পূৰ্বে ২৫ নৱেম্বৰত দিল্লী আৰক্ষীৰ চাইবাৰ চেলৰ বিষয়াই জনাইছিল যে, গম্ভীৰলৈ অহা প্ৰথমখন ভাবুকি পত্ৰ ই-মেইল যোগে পাকিস্তানৰ এগৰাকী ছাত্ৰই দিছিল। উল্লেখ্য যে, গৌতম গম্ভীৰলৈ দুটা মেইল পঠিওৱা হৈছিল। য'ত তেওঁক হত্যাৰ ভাবুকি দিয়া হৈছিল।পূব দিল্লীৰ বিজেপিৰ সাংসদগৰাকীক জীৱন নাশৰ ভাবুকি আইএছআইএছ কাশ্মীৰৰ ফালৰ পৰা আহিছে বুলি উল্লেখ কৰিছে। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত দিল্লী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। গৌতম গম্ভীৰৰ ঘৰৰ বাহিৰত সুৰক্ষা ব্যৱস্থাও কটকটীয়া কৰি তোলা হৈছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।