গুৱাহাটীঃ বৰ্তমান সময়ত দিনক দিনে কাৰ্যালয়সমূহত মহিলাৰ ওপৰত যৌন নিৰ্যাতনৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে। কিছুমানে এই দুষ্কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰে আৰু কিছুমান ঘটনা এন্ধাৰতেই লুকাই থাকে।
মহিলাসকলৰ সুৰক্ষাৰ্থে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থা আৰু ভাৰতীয় শ্ৰম মন্ত্ৰালয়ৰ তত্ত্বাৱধানত উত্তৰপ্ৰদেশৰ নয়ডাত অৱস্থিত ভিভিগিৰি নেচনেল লেবাৰ ইনষ্টিটিউটত ৩-৭ জুন, ২০১৯ তাৰিখলৈ উত্তৰ পূৰ্বাঞ্চল ৰাজ্যসমূহৰ বাবে পাঁচদিনীয়া প্ৰশিক্ষণ দিয়া হৈছে।
কাৰ্যালয়ত যৌন নিৰ্যাতনৰ বলি হ’লে নিৰ্যাতিতাই কেনেদৰে সেই ব্যক্তিজনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা ল’ব পাৰিব সেই বিষয়ে প্ৰশিক্ষণ দিয়া হৈছে।
এই প্ৰশিক্ষণত অসমৰ আগশাৰীৰ বেচৰকাৰী সংস্থা 'যুৱ প্ৰয়াস’-ৰ তৰফৰ পৰা প্ৰতিনিধিত্ব কৰে সমাজকৰ্মী ক্ৰমে অৰ্চিতা কলিতা, বিক্ৰম কলিতা, জুৰি কলিতা মেধি, সুমিত্ৰা দেৱী, চুমকী চৰকাৰ, দীপেন বড়ো, মন্টু বড়ো, কবিতা বড়ো, ফুলমতি বসুমতাৰী আৰু পিংকী বড়োৱে৷
উক্ত প্ৰশিক্ষণত উত্তৰ-পূৰ্বাঞ্চলৰ চাৰিখন ৰাজ্য ক্ৰমে অসম, মণিপুৰ, ত্ৰিপুৰা, মেঘালয়ৰ মুঠ ৩৪ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।