11/29/2021 - 12:34
in
বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ সৰ্বাংগীন উন্নয়ণ, প্ৰতিপালন আৰু সংৰক্ষণৰ উদ্দেশ্যেৰে নিয়মাৱলীৰ আধাৰত গঠিত সমিতি পঞ্জীয়ন আইনৰ অধীনত ১৯৬৫-৬৬ চনত পঞ্জীয়ন ভুক্ত হোৱা শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ ত্ৰৈবাৰ্ষিক সাধাৰণ সভাখন সংবিধানৰ ৩(গ) আৰু ৩(ঘ) ছেদ অনুসৰি দেওবাৰে দিনৰ ১১ বজাৰ পৰা বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ আই খেৰসূতী সাংস্কৃতিক মঞ্চত অনুষ্ঠিত হয়।
শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ মৃণাল কুমাৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰম্ভণিতে বৰগীত পৰিৱেশন, সভাৰ উদেশ্যে ব্যখ্যা, শোক প্ৰস্তাব গ্ৰহণ, বিগত বছৰৰ সাধাৰণ সভাৰ কাৰ্যবিবৰণি পাঠ, সম্পাদকীয় প্ৰতিবেদন পাঠ, গ্ৰহণ, হিচাপ পৰীক্ষকৰ প্ৰতিবেদন পাঠ, গ্ৰহণ, ২০২১-২২ বৰ্ষৰ বাজেট উত্থাপনৰ পাছত পুৰণি সমিতিৰ পদত্যাগ সম্পন্ন হয়।
অসমৰ বিভিন্ন প্ৰান্তত থকা সমিতিৰ সত্ৰীয়া, আজীৱন আৰু সাধাৰণ সদস্য সকলৰ উপস্থিতত অনুষ্ঠিত সভাখনিত সম্পাদকীয় প্ৰতিবেদন পাঠ, গ্ৰহণ, হিচাপ পৰীক্ষকৰ প্ৰতিবেদন পাঠৰ পাছত শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ সাংবিধানিক পৰম্পৰা অনুসৰি নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীৰ সভাপতিৰ দায়িত্বৰ কাৰ্য্যকাল অন্ত পৰাৰ পৰিপ্ৰেক্ষিটত বটদ্ৰৱাৰ শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱমহন্তই আগন্তুক কাৰ্য্যকালৰ বাবে সভাপতিৰ দ্বায়িত্ব গ্ৰহণ কৰিব। নিশা ৮ বজালৈ অনুষ্ঠিত সভাখনিত শিল্পী ৰাজীৱ দত্তক কাৰ্য্যকৰী সভাপতি, অৰূপ কুমাৰ শইকীয়াক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰি আগন্তুক তিনি বছৰৰ বাবে বটদ্ৰৱা থান পৰিচালনা সমিতি গঠন হয়।