ধুবুৰীত ক’ভিড টীকাকৰণ সম্পূৰ্ণ কৰিবলৈ চৰকাৰে আৰম্ভ কৰিছে 'হৰ ঘৰ দস্তক' অভিযান, আজিৰে পৰা অহা ৫ ডিচেম্বৰলৈ এই অভিযান

 11/29/2021 - 14:14
 
 
ধুবুৰীঃ ভোটকেন্দ্ৰ পৰ্যায়ত কৰা সমীক্ষাৰ জৰিয়তে বিচাৰি উলিওৱা ভেকচিন নোলোৱা লোকসকলক এই সময়চোৱাত ঘৰে ঘৰে গৈ প্ৰতিষেধক দিয়া হ'ব বা প্ৰতিষেধক ল'বলৈ উৎসাহিত কৰা হ'ব৷
 
ধুবুৰী জিলাত 'হৰ ঘৰ দস্তক' অভিযানৰ সবিশেষ সদৰি কৰিবলৈ আজি জিলা উপায়ুক্ত শ্ৰী অন্বামুথন এম পি ডাঙৰীয়াই এখন সংবাদমেল সম্বোধন কৰে৷ সংবাদমেলত 'হৰ ঘৰ দস্তক' অভিযানৰ ধুবুৰী জিলাৰ পৰ্যবেক্ষক তথা শিক্ষা বিভাগৰ সচিব শ্ৰী ধ্ৰুৱজ্যোতি দাস ডাঙৰীয়া, ধুবুৰীৰ অতিৰিক্ত উপায়ুক্ত শ্ৰী ধ্ৰুৱজ্যোতি দাস ডাঙৰীয়া, ধুবুৰীৰ যুটীয়া স্বাস্থ্য সঞ্চালক প্ৰমুখ্যে জিলা প্ৰশাসন, আৰক্ষী বিষয়া আৰু স্বাস্থ্য বিভাগৰ কেবাজনো বিষয়া উপস্থিত থাকে৷
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।