জামুগুৰি অগ্নি নিৰ্বাপক বাহিনীৰ মকড্ৰিল কাৰ্যসূচী সম্পন্ন

 11/29/2021 - 14:52
 
 
 
জামুগুৰিহাটঃ ভূমিকম্প, জুই লগা আদি দুৰ্যোগৰ সময়ত কিদৰে সাৱধানতা অৱলম্বন কৰি নিজৰ লগতে আন লোকসকলকো ৰক্ষা কৰিব পাৰি সেই বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে জামুগুৰিহাটৰ অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়া কৰ্মচাৰীসকলে বিদ্যালয় তথা ৰাজহুৱা স্থানত শনি আৰু দেওবাৰে মকড্ৰিল কাৰ্যসুচী ৰূপায়ণ কৰে৷
 
অঞ্চলটোৰ হলি চাইল্ড ইংলিছ স্কুল, জামুগুৰি জুনিয়ৰ কলেজ, কন্যকা উদ্যোগ প্ৰতিস্থান আদিত ছাত্ৰ-ছাত্ৰী তথা উদ্যোগটিত কৰ্মত নিয়োজিত লোকসকলক সজাগ আৰু সচেতন কৰাৰ বাবে বাহিনীটোৰ জোৱানসকলে তেনে দুৰ্যোগৰ সময়ত ল’বলগা সাৱধানতা-সচেতনতা সন্দৰ্ভত কি ধৰণৰ ব্যৱস্থা ল’ব লাগে সেই কামসমূহ শিকাই দিয়াৰ চেষ্টা কৰে৷
 
জামুগুৰিহাটৰ অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়া হবলা কান্ত ৰাভাৰ নেতৃত্বত ২৭ আৰু ২৮ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এই সজাগতামূলক মগড্ৰিল কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী তথা লোকসকল উপকৃত হ’ব পাৰিব বুলি আশা কৰিছে বাহিনীটোৰ বিষয়া কৰ্মচাৰীসকলে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।