বাক্সাৰ বেঁ‌কী নৈত অবৈধ খননৰ বিৰুদ্ধে তিনিটাকৈ প্ৰকৃতিপ্ৰেমী সংগঠনৰ প্ৰতিবাদ

 11/29/2021 - 15:27
  
 
শালবাৰীঃ ৰাষ্ট্ৰীয় উদ্যানখনৰ ইক' সংবেদনশীল ক্ষেত্ৰৰ অন্তৰ্গত বেঁ‌কী নৈত একাংশ অসাধু চক্ৰই জেচিবি, বুলডাজাৰেৰে চলাই গৈছে অবৈধভাৱে শিল, বালি খনন। অবৈধ খননৰ বিৰুদ্ধে এইবাৰ সৰৱ তিনিটাকৈ প্ৰকৃতিপ্ৰেমী সংগঠন সোমবাৰে গ্ৰীন মানাস, মানস বন্ধু আৰু ৰাঘবিল পাব্লিক ওৱেলফেয়াৰ চ'ছাইটি নামৰ তিনিটাকৈ প্ৰকৃতিপ্ৰেমী সংগঠনে বেঁ‌কী নৈত চলা অবৈধ খননৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ সংগঠনসমূহে শিল বালি খননৰ বিৰুদ্ধে প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ লগতে শুভাৰম্ভ কৰিলে গণ স্বাক্ষৰ অভিযান। অবৈধ শিল বালি খনন বন্ধ নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ সংগঠনকেইটাৰ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।