মাদ্ৰাছাৰ শিক্ষকৰ কামনাৰ বলি ১৯ গৰাকী শিশু

 06/04/2019 - 17:11

ডিজিটেল ডেস্কঃ ১৯ গৰাকী শিশুক যৌন নিৰ্যাতন চলোৱা মাদ্ৰাছাৰ এগৰাকী শিক্ষক এতিয়া আৰক্ষীৰ জালত। কেৰেলাৰ মানুহৰূপী এটা অসুৰৰ কামনাৰ বলি হ'ল ১৯ গৰাকী শিশু। কেৰেলাৰ কোট্টায়ামৰ এখন মাদ্ৰাছাৰ শিক্ষকৰূপে কৰ্মৰত আছিল ৬৩ বছৰীয়া ইউছুফ নামৰ ধৃত লোকজন। ধৃত ইউছুফৰ ঘৰ কেৰেলাৰ আলোভা জিলাত বুলি জানিব পৰা গৈছে।

দুবছৰ ধৰি মাদ্ৰাছাখনত পাঠদান কৰাৰ গয়নালৈ অধ্যয়নৰত শিশুসকলৰ ওপৰত যৌন নিৰ্যাতন চলাই আহিছিল ৬৩ বছৰীয়া ইউছুফে। উল্লেখ্য যে কৰ্তৃপক্ষক মান্তি কৰাই মাদ্ৰাছাখনৰ ভিতৰত নিজৰ বাবে এটা কোঠা ৰ্নিমাণ কৰি নিজৰ কামনা পূৰণ কৰিছিল ভণ্ড শিক্ষকজনে। ঘটনাটে পোহৰলৈ অহাৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে স্থানীয় বহুকেইটা দল সংগঠন। দেওবাৰে আৰক্ষীয়ে মাদ্ৰাছাখনৰ পৰা গ্ৰেপ্তাৰ কৰে ইউছুফক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।