ধুবুৰী আলোমগঞ্জৰ এগৰাকী মেধাৱী ছাত্ৰী নিৰুদ্দেশ

 11/29/2021 - 17:54
 
 
 
ধুবুৰীঃ ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত আলমগঞ্জ নৱম খণ্ড গাঁৱৰ এগৰাকী মেধাৱী ছাত্ৰী ১৮ দিন ধৰি নিৰুদ্দেশ হৈ আছে বুলি ছাত্ৰী গৰাকীৰ পৰিয়ালৰ মানুহে জানিবলৈ দিয়ে। ছাত্ৰী গৰাকী গৌৰীপুৰৰ প্ৰতিমা পাণ্ডে বৰুৱা কলেজত একাদশ শ্ৰেণীত অধ্যয়ন কৰি আছিল আৰু ছাত্ৰী গৰাকী কলেজত যোৱাৰ সময়ত ছাত্ৰী গৰাকীক কোনো বা দুষ্ট চক্ৰই অপহৰণ কৰি হাইদ্ৰাবাদত লৈ গৈছে বুলি অভিযোগ উখাপন কৰে।এই ঘটনা সন্দৰ্ভত ছাত্ৰী গৰাকীৰ পৰিয়ালৰ মানুহে গৌৰীপুৰ থানাত এখন এজাৰ দাখিল কৰে। ছাত্ৰীৰ নাম ৰেচমা পাৰবিন আৰু পিতৃৰ নাম সোনা মিয়া বুলি জানিব পৰা গৈছে। কোনোবাই যদি এই ছাত্ৰী গৰাকীক লগ পায় তেন্তে এইখন নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ মানুহে আহ্বান জনায়।৯৪৩৫২৫৯৬৪৩
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।