11/29/2021 - 18:58
in
জামুগুৰিহাটঃ জামুগুৰিহাটৰ ইটাখোলাস্থিত দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজি (সোমবাৰে) নৱাগত আদৰণি ও আলোচনী উন্মোচন সভাখনি অনুষ্ঠিত হৈ যায়। বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ইন্দ্ৰ লাল শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনি আঁত ধৰে বিদ্যালয় খনৰ বাণিজ্য শাখাৰ বিষয় শিক্ষক তথা তত্বাবধায়ক বিপুল বৰাই। বিদ্যালয়খনৰ জ্যেষ্ঠ শিক্ষক নৰেন শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত কৃতী শিক্ষক বেণুমাধব বৰাই বিদ্যালয়খনৰ ত্ৰয়োদশ সংখ্যক "বিকাশ" আলোচনীখন উন্মোচন কৰে৷
বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰনেতা তথা চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই নবাগত ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি সাৰমৰ্ম বক্তব্য আগবঢ়ায় কয়- অতীতৰে পৰাই এই খন বিদ্যালয়ৰ এক সুনাম আছে৷ বৰ্তমান বিদ্যালয়খনত অধ্যয়নৰত তথা নতুন কৈ নাম ভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়খনৰ অতীতৰ সুনাম ধৰি ৰাখিবলৈ আহ্বান জনায়৷ সভাত স্থানীয় বিধায়ক পদ্ম হাজৰিকাই বিদ্যালয়খনৰ সৰ্বাংগীন উন্নতিৰ বাবে ৫০ লাখ টকা অনুদান দিয়াৰ কথাও ঘোষণা কৰে লক্ষীকান্ত বৰাই৷ অনুষ্ঠানটিত বিদ্যালয় খনৰ অবসৰপ্ৰাপ্ত প্ৰাক্তন অধ্যক্ষ ক্ৰমে ভৃবন কাকতি, নৰেন্দ্ৰ নাথ আৰু দিলীপ ৰাজবংশীৰ লগতে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি ক্ৰমে ক্ষীৰধৰ শইকীয়া, শিউকুমাৰ চাহুকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।