সৰুপথাৰত বাৰ্ণ অইল ভৰ্তি দুখন ট্ৰেংকাৰ জব্দ

 11/29/2021 - 19:33
 
 
 
সৰুপথাৰঃ মিঠাতেল ভেজাল কৰি বজাৰত বিক্ৰী কৰিবৰ বাবে বেংগলৰ পৰা অনা দ্ৰব্য ভর্তি দুখন ট্ৰেংকাৰ আজি সৰুপথাৰত জব্দ কৰা হৈছে। কিছু লোকৰ অভিযোগৰ ভিত্তিত ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই ধনশিৰি মহকুমা প্ৰশাসনক লগত লৈ সৰুপথাৰৰ অনিল আগৰৱালা মালিকাধীন বিমল মিলত এক অভিযান চলাই দুখন বাৰ্ণ অইল ভৰ্তি টেংকাৰ জব্দ কৰিবলৈ সক্ষম হয়।
 
জব্দ কৰা টেংকাৰ দুখনৰ নম্বৰ হৈছে ক্ৰমে NL01AD6701 আৰু NL01AB6864। ধনশিৰি মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি হেমাংগ নবিছ আৰু সৰুপথাৰ আৰক্ষীয়ে জব্দকৃত দ্ৰব্যসমূহ মানৱ শৰীৰৰ বাবে কিমান ক্ষতি কৰক তাক পৰীক্ষা কৰিবৰ বাবে টেংকাৰ দুখনৰ পৰা কেইবা বটল বাৰ্ণ অইল সংগ্ৰহ কৰিছে। চুতীয়া ছাত্র সন্থাই অভিযোগ কৰে যে অনিল আগৰৱালা নামৰ ব্যৱসায়ী জনে তেওঁলোকৰ মিলত ডাইমণ্ড নামৰ মিঠাতেলত মিহলি কৰি মুনাফা আদায় কৰি অহাৰ লগতে মানৱ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে।
 
মহকুমা প্ৰশাসনে ইতিমধ্যে ধানৰ তুঁহৰ পৰা প্ৰস্তুত কৰা বাৰ্ণ অইল সমূহে কিমান মানুহক ক্ষতি কৰে তাৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিব আৰু তাৰ পাছত ব্যৱস্থা লোৱা হব বুলি জানিবলৈ দিয়ে। জানিব পৰা মতে ব্যৱসায়ীজনে তিনিখন ট্ৰেংকাৰত বাৰ্ণ অইল আনিছিল যদিও তাৰে দুখন ট্ৰেংকাৰহে প্ৰশাসনে জব্দ কৰিবলৈ সক্ষম হয়। এখন ট্ৰেংকাৰত ২৮ টনকৈ বাৰ্ণ অইল আহে বুলি জানিব পৰা গৈছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।