অৰুণাচল প্ৰদেশৰ ব্ৰেণ্ড এম্বেচেদৰ বলিউডৰ জনপ্ৰিয় অভিনেতা সঞ্জয় দত্ত

 11/30/2021 - 12:58
 
 
নিউজ ডেস্কঃ অৰুণাচল প্ৰদেশৰ ব্ৰেণ্ড এম্বেচেদৰ হ’ব বলিউডৰ জনপ্ৰিয় অভিনেতা সঞ্জয় দত্ত।অৰুণাচলৰ চৰকাৰে বলিউডৰ জনপ্ৰিয় তাৰকাক সময়ে সময়ে ব্ৰেণ্ড এম্বেচেদৰ নিয়োগ কৰি আহিছে, যাতে ৰাজ্যখনৰ বিষয়ে দেশ-বিদেশৰ লোক জ্ঞাত হয়। ইয়াৰ পূৰ্বে জন আব্ৰাহাম, চলমান খান আছিল অৰুণাচলৰ ব্ৰেণ্ড এম্বেচেদৰ।১৯৭২ চনৰ আগলৈকে অৰুণাচল প্ৰদেশৰ নাম আছিল নেফা। ১৯৭২ চনত নেফা নাম সলনি কৰি ৰাজ্যখনৰ নতুন নাম দিয়া হৈছিল অৰুণাচল প্ৰদেশ। ২০২২ চনত অৰুণাচলৰ ৫০ বছৰ সম্পূৰ্ণ হ’ব।
 
অৰুণাচল প্ৰদেশ বিধানসভাৰ অধ্যক্ষ পাছাং দৰ্জী চ’নাৰ অধ্যক্ষতাত “অৰুণাচল প্ৰদেশৰ ৫০ বছৰ” নামেৰে এক বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰিছে।সোমবাৰে ৰাজ্যখনৰ চি-য়মি জিলাৰ চীন সীমান্তৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে বিখ্যাত মেচুকাত এই কাৰ্যসূচীৰ আনুষ্ঠানিক ঘোষণা কৰা হয়। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী পেমা খান্দু আৰু বিধানসভাৰ অধ্যক্ষ পি ডি চ’নাৰ লগত উপস্থিত থাকে বলিউডৰ অভিনেতা সঞ্জয় দত্ত।
 
মেচুকালৈ যোৱাৰ পথত বিশেষ বিমানযোগে অসমৰ ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত উপস্থিত হৈছিল অভিনেতাগৰাকী। ডিব্ৰুগড় বিমানবন্দৰত অভিনেতা সঞ্জয় দত্তক ফুলাম গামোচাৰে আদৰণি জনায় মোহনবাৰীস্থিত অৰুণাচলৰ আবাসিক উপ-আয়ুক্ত ৰাণা বৰকটকী আৰু বিধানসভাৰ বিষয়াসকলে। প্ৰকৃতিৰ ভূ-স্বৰ্গ মেচুকাত ৰাজ্য চৰকাৰৰ ৰাজ্যিক অতিথি হিচাপে থাকিব মুন্নাভাই। অৰুণাচলৰ সোণালী জয়ন্তী বৰ্ষৰ আৰম্ভণি উৎসৱত অংশগ্ৰহণ কৰি মেচুকাত দুদিন কটাব অভিনেতা গৰাকীয়ে। জনপ্ৰিয় অভিনেতাগৰাকীৰ আগমনত উৎফুল্লিত হৈ পৰিছে অৰুণাচল প্ৰদেশবাসী
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।