তামিলনাডুত পথ দুৰ্ঘটনা, নিহত ছয়

 03/13/2019 - 15:28

ডিজিটেল ডেস্কঃ তামিলনাডুৰ পলাচী নামৰ অঞ্চলত মঙলবাৰে নিশা সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ নিশা প্ৰায় এক বজাত এই পথ দুৰ্ঘটনাটো সংঘটিত হয়৷ পাৰাম্বিকুলাম-আলিয়াৰ প্ৰকল্পৰ সমীপত হোৱা এই দুৰ্ঘটনাত একেটা পৰিয়ালৰে ছয়জনকৈ লোক নিহত হয়৷

পলাচী অভিমুখী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে এটা খাৱৈত৷ লগে লগে আৰক্ষী আহি দুৰ্ঘটনাস্থলীত উপস্থিত হয় যদিও কোনো ধৰণৰ সন্ধান উলিয়াবলৈ সক্ষম নহয়৷

বুধবাৰে পুৱাই দুৰ্ঘটনাগ্ৰস্ত বাহনসহ ছয়টা মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। দুৰ্ঘটনাক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।