লংকাৰ বজাৰ সমিতিৰ সচিবৰ বিৰুদ্ধে একনায়কত্ববাদৰ অভিযোগ ভাইচ চেয়াৰমেনৰ

 06/04/2019 - 17:38

লংকা: লংকা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ সচিব চাহাৱ উদ্দিন বৰভূঞাৰ বিৰুদ্ধে একনায়কত্ববাদৰ অভিযোগ বজাৰ সমিতিৰ ভাইছ চেয়াৰমেন অনুজ সেনৰ। ঘটনা সন্দৰ্ভত জানিব পৰা মতে লংকা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ ২০১৮-১৯ বৰ্ষৰ Paddy Procurement আঁচনিত থকা নিৰ্দেশমৰ্মে খেতিয়কৰ পৰা ধান ক্ৰয় কৰাৰ বাবদ কামপুৰ, নিলবাগান, লংকা, ডবকা আৰু হোজাই অঞ্চলত খুলিবলৈ দিয়া হৈছিল এটা এটা ধান ক্ৰয় কৰা কেন্দ্ৰ।

কিন্তু উক্ত নিৰ্দেশ অমান্য কৰাৰ লগতে লংকা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ সচিবে কোনো বিজ্ঞাপন নিদিয়াকৈ নিজ মনমৰ্জিত নিলবাগান আৰু কামপুৰতেই এটা এটা ধান ক্ৰয় কৰা কেন্দ্ৰ খুলি দায়িত্ব সামৰে। ফলত ধান বিক্ৰী কৰাৰ পৰা বঞ্চিত হ'বলগা হ'ল লংকা, ডবকা আৰু হোজাই অঞ্চলৰ কৃষক ৰাইজে। আনহাতে আকৌ খেতিয়কৰ পৰা ক্ৰয় কৰা উক্ত ধনখিনি মিলিং কৰিবলৈও মাত্ৰ যমুনামুখৰ ৯টা ধানৰ মিল আৰু কাকীৰ এটা মিলক দায়িত্ব দিয়া হয় যদিও সেইয়া এটাও মিল ধান ক্ৰয় কৰা কেন্দ্ৰৰ পৰা আঠ কি.মি ভিতৰত নহয়।

উল্লেখ্য যে ধান ক্ৰয় কৰা কেন্দ্ৰৰ পৰা মাত্ৰ আঠ কি.মি ভিতৰত থকা মিলতহে ধান মিলিং কৰিবলৈ অনুমতি তথা চুক্তি কৰিব পাৰে লংকা নিয়ন্ত্ৰিত বজাৰ সমিতিয়ে। তাৰোপৰি ধান ক্ৰয় বা বিক্ৰীৰ ক্ষেত্ৰত যি শ্ৰমিকৰ প্ৰয়োজন হয় সেইবাবেও দিয়া হোৱা নাছিল বিজ্ঞাপন। ফলত শ্ৰমিকৰ নামত অহা ধনো আত্মসাৎ কৰাৰ অভিযোগ উঠিছে লংকা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ সচিবৰ বিৰুদ্ধে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।