চাপৰত সুৰাৰ বিপণিৰ অনুমতি বাতিল কৰাৰ দাবীত কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী

 11/30/2021 - 14:59
 
 
 
চাপৰঃ প্ৰয়াত মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ শৰৎ চন্দ্ৰ সিংহ দেবৰ আদৰ্শক জলাঞ্জলি দি বিজেপি চৰকাৰে যোৱা ২৫ অক্টোবৰত নিৰ্দেশনা যোগে অসমৰ আন ঠাইৰ লগতে চাপৰতো বিলাতী সুৰাৰ বিপণি খোলাৰ অনুমতি প্ৰদান কৰে। আজি ধুবুৰী জিলা কোঁচ ৰাজবংশী ছাত্ৰ সন্থা আৰু চাপৰ আঞ্চলিক কোঁচ ৰাজবংশী ছাত্ৰ সন্থাই চাপৰত অনুমতি দিয়া সুৰাৰ বিপণিৰ অনুমতি বাতিলৰ দাবীত চাপৰ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত দুঘণ্টীয়া ধৰ্ণা কাৰ্য্যসূচী পালন কৰাৰ লগতে চাপৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। লগতে কয় যে যদি সুৰাৰ বিপনীৰ অনুমতি বাতিল নহয় তেন্তে ইয়াতকৈ আৰু ভয়ানক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হব।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।