11/30/2021 - 15:48
in
মাৰ্ঘেৰিটাঃ ৰাজ্য তথা দেশ কঁপাই সভ্য সমাজক কলংকিত কৰি যোৱাকালি যোৰহাটত সংগঠিত হৈছিল বৰ্বৰোচিত ঘটনা। একাংশ নৰপিশাচৰ অসুৰৰ পাশৱিক অত্যাচাৰত মৃত্যু হয় গোলাঘাট জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাৰ।
যোৰহাটত গণপ্ৰহাৰৰ ঘটনাত নিহত ছাত্ৰ নেতা অনিমেষ ভূঞাৰ পবিত্ৰ স্মৃতিত তথা শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে আজি মাৰ্ঘেৰিটা ৰঙ্গমঞ্চৰ সন্মুখত থকা শ্বহীদ বেদীত আজি মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এক শ্ৰদ্ধাঞ্জলি তথা আছুৰ পতাকা অৰ্ধ উত্তোলন কাৰ্যসূচী ৰূপায়ণ কৰাৰ উপৰিও আছুৱে আজিৰে পৰা তিনিদিনীয়া শোক কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰে। আজি সন্ধিয়া অনিমেষ ভূঞাৰ আত্মাৰ সদগতি কামনা কৰি এখনি ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ আয়োজন কৰিব বুলি জানিবলৈ দিয়ে।
মাৰ্ঘেৰিটা আছুৰ সভাপতি চিন্তু গগৈ আৰু সম্পাদক ৰূপম বৰুৱা উপস্থিত থকা এই কাৰ্যসূচীৰ জৰিয়তে দোষীক কঠোৰ শাস্তি দিয়াৰ লগতে Fast Truck Courtত গোচৰ চলাবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায়।