11/30/2021 - 15:58
in
গোলাঘাটঃ কালি যোৰহাটত সংঘটিত নিন্দনীয় ঘটনাত প্ৰাণ হেৰুওৱা অনিমেশ ভূঞাৰ দেৰগাঁৱৰ খকন্দগুৰিৰ বাসগৃহত নিশাই উপস্থিত হৈ গোলাঘাট জিলাৰ উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাই শোকসন্তপ্ত পৰিয়ালটোক গভীৰ সমবেদনা জ্ঞাপন কৰে। তেওঁ কয় যে এই ঘটনা সঁচাই নিন্দনীয় আৰু গোলাঘাট জিলা প্ৰশাসন এই সংকটৰ সময়ত ভুক্তভোগী পৰিয়ালটোৰ সৈতে আছে।
উল্লেখযোগ্য যে ১৫ দিনৰ ভিতৰত ঘটনাটোৰ অভিযোগনামা দাখিল কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক ইতিমধ্যে নিৰ্দেশ দিছে। ভুক্তভোগীয়ে যাতে শীঘ্ৰে ন্যায় লাভ কৰে তাৰ বাবে ফাষ্টট্ৰেক আদালতৰ জৰিয়তে ইয়াৰ বিচাৰ কৰা হ'ব বুলিও চৰকাৰে ঘোষণা কৰিছে।