বৰপেটাত প্ৰয়াত অনিমেষ ভুঞাৰ আত্মাৰ সদগতি কামনা কৰি বন্তি প্ৰজ্বলন আছুৰ বাউসী আঞ্চলিক ছাত্ৰ সন্থাৰ

 12/01/2021 - 12:27
 
 
বৰপেটাঃ যোৰহাট চহৰৰ মাজমজিয়াত গণ প্ৰহাৰৰ বাবে মৃত্যুক আঁকোৱালি লোৱাৰ দৰে জঘন্য ঘটনা ঘটিছে। এই ঘটনাক লৈ ৰাজ্যজুৰি অব্যাহত থকা প্ৰতিবাদৰ সমান্তৰালকৈ আছুৰ বাউসী আঞ্চলিক ছাত্ৰ সন্থায়ো জনাইছে কঠোৰ শাস্তিৰ দাবী।
 
আজি বৰপেটাৰ বিষ্ণুপুৰ দুৰ্গা মন্দিৰ প্ৰাংগনত আছুৰ বাউসী আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যকৰ্তাসকলে প্ৰয়াত অনিমেষ ভুঞাৰ আত্মাৰ সদগতি কামনা কৰি বন্তি প্ৰজ্বলন কৰে। অনিমেষ ভুঞাৰ হত্যাকাৰীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী তোলে বাউসী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অংশুমান শৰ্মাই। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বাউসী আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা জোনমণি দাস, ঋতুৰাজ পাঠক, সম্পাদক উস্মান্ত দাসৰ লগতে কেইবাগৰাকীও আছু কৰ্মী উপস্থিত থাকে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।