ফিল'বাৰীত তিলক চন্দ্ৰ বড়া স্মাৰক বঁটা প্ৰদান অনুষ্ঠান

 06/04/2019 - 17:50

ডুমডুমাঃ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীক মঙলবাৰে ফিল'বাৰী আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে। নাট্যকাৰ ৰাজীৱ লোচন বৰাই আঁত ধৰা অনুষ্ঠানটোত প্ৰায় ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয়।

এই অভিনন্দন অনুষ্ঠানত যোৱা ছয় বছৰৰ পৰা আগবঢ়াই অহা "তিলক চন্দ্ৰ বড়া" স্মাৰক বঁটা প্ৰদান কৰা হয়। ফিল'বাৰী অঞ্চলৰ পৰা সৰ্বোচ্চ নম্বৰ লাভ কৰা হিমাদ্ৰী মৰাণক ২০১৯ বৰ্ষৰ "তিলক চন্দ্ৰ বড়া" স্মাৰক বঁটা প্ৰদান কৰা হয়।

ফিল'বাৰী অঞ্চলৰ উচ্চ শিক্ষাৰ অন্যতম শিক্ষা প্ৰতিষ্ঠান চিকৰাজান জাতীয় বিদ্যালয়ত অনুষ্ঠিত এই অভিনন্দন অনুষ্ঠানটোত বিদ্যালয়খনৰ প্ৰধান শিক্ষক বৈদ্য বড়া, নাট্যকাৰ ৰাজীৱ লোচন বৰা, তিনিচুকীয়া আছুৰ সম্পাদক সমৰ জ্যোতি গোহাঁই, ফিল'বাৰী আছুৰ সভাপতি নিৰৱ জ্যোতি দত্ত, সম্পাদক নয়ন জ্যোতি সোণোৱালৰ লগতে বিদ্যালয়খনৰ ছাত্র-ছাত্ৰী আৰু অভিভাৱকসকল উপস্থিত থাকে।

উল্লেখযোগ্য যে এই অভিনন্দন অনুষ্ঠানটোত ফিল'বাৰী কেঁচা চাহপাত সৰবৰাহকাৰী সন্থাই ফিল'বাৰী অঞ্চলৰ বহুকেইগৰাকী আর্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীক আৰ্থিক সহায় (চেক) আগবঢ়ায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।