বৰপথাৰ আৰক্ষীৰ বৃহৎ সাফল্যঃ হেৰ’ইনসহ দুগৰাকী মহিলাক আটক

 12/01/2021 - 15:14
 
 
বোকাজানঃ বৰপথাৰ আৰক্ষীৰ বৃহৎ সাফল্য৷ দুই কোটিৰো অধিক টকাৰ হেৰ’ইন জব্দ৷ বোকাজানৰ বৰপথাৰ আৰক্ষীৰ নাকা চেকিংত বৃহৎ পৰিমানৰ ড্ৰাগছ উদ্ধাৰ৷ AS12AC3477 নম্বৰৰ ডিমাপুৰ গোলাঘাট অভিমুখী DK নামৰ বাছ খনৰ পৰা 330.49 গ্ৰাম পৰিমাণৰ ড্ৰাগছ খিনি উদ্ধাৰ কৰে৷
 
২৫ টাকৈ চাবোনৰ বাকচত ভৰাই পিন্ধি অহা কাপোৰৰ ভিতৰত সুমুৱাই ড্ৰাগছ খিনি সৰবৰাহ কৰিছিল দুগৰাকী মহিলাই ৷ মহিলা দুগৰাকীৰ ঘৰ ধেমাজিত বুলি জানিব পৰা গৈছে৷ মহিলা দুগৰাকীক আটক কৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।