বৰভাগ মহাবিদ্যালয়ত বিশ্ব এইডছ দিৱস উপলক্ষে সজাগতা কাৰ্যসূচী

 12/01/2021 - 15:57
 
 
 
বাহাৰঘাটঃ বৰভাগ মহাবিদ্যালয়ত বিশ্ব এইডছ দিৱস উপলক্ষে সজাগতা কাৰ্য্যসূচী৷ আই কিউ এ চি বৰভাগ মহাবিদ্যালয়ৰ উদ্যোগত আৰু বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত অনুষ্ঠিত কৰে উক্ত কাৰ্য্যসূচী৷ কাৰ্য্যসূচী অনুযায়ী পুৱাৰ ভাগত বিশাল সজাগতামূলক শোভাযাত্ৰাৰে অঞ্চল পৰিভ্ৰমণ কৰাৰ অন্তত মহাবিদ্যালয় প্ৰাংগনত ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ প্ৰতিযোগিতা আৰু এখন সজাগতা সভা অনুষ্ঠিত কৰে৷
 
অধ্যাপক ড০ ধনেশ্বৰ বৈশ্যৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত নলবাৰী জিলা যক্ষ্মা বিষয়া তথা জিলা এইডছ নিয়ন্ত্ৰণ বোৰ্ডৰ নডেল বিষয়া ডা০ দ্বীপেন দাস, মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ নিবেদিতা গোস্বামী, শিক্ষা তত্বাবাধায়ক ক’ৰনা বৰুৱা আৰু বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক নবাৰুন মেধিয়ে এইচ’ডৰ ভয়াবহতা আৰু ইয়াৰ লক্ষণৰ বিষয়ে গধুৰ বিশ্লেষণ কৰাৰ লগতে ইয়াৰ ক্ষেত্ৰত লৱলগা সাৱধানতা সম্পৰ্কে বুজাই দিয়ে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।