12/01/2021 - 18:37
in
বাহাৰঘাটঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ দক্ষিণগাঁৱস্থিত নলবাৰী মেডিকেল কলেজৰ নিৰ্মীয়মাণ কাম অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি আকস্মিকভাৱে পৰিভ্ৰমণ কৰি মেডিকেল কলেজখনৰ নিৰ্মাণকাৰী সংস্থাৰ বিষয়ববীয়াৰ সৈতে এক বৈঠকত মিলিত হৈ অগ্ৰগতিৰ বুজ লয়। বৈঠকৰ অন্তত মুখ্য মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক কয় যে নলবাৰী মেডিকেল কলেজৰ- ২০২৩ চনত আৰম্ভ হ'ব। ২০২৩ চনৰ প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্রী পাঠদান হ'ব। ২০২২ চনৰ নৱেম্বৰ-ডিচেম্বৰ বহিঃবিভাগৰ কাম আৰম্ভ হ'ব। মন্ত্ৰীগৰাকীয়ে নিৰ্মাণ কাৰ্যৰ বৰ্তমান অগ্ৰগতি ৭৫ শতাংশ হোৱাৰ বুলি উল্লেখ কৰাৰ লগতে মেডিকেল কলেজৰ আগন্তুক ডেৰবছৰৰ ভিতৰত জৰুৰীকালীন সেৱাও উপলব্ধ হ'ব।
লগতে ২০০ আসনযুক্ত শিশু চিকিৎসালয়, এখন বেলেগে কেন্সৰ হাস্পতাল ও ব্যবস্তা কৰা হব। মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে মুঠতে উক্ত চিকিৎসা মহাবিদ্যালয়ত মুঠ এক হাজাৰ ৰোগীয়ে চিকিৎসা সেৱা গ্ৰহণ কৰিব পাৰিব। ইফালে মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লা আপা'ৰ ক্ষেত্ৰত উল্লেখ কৰি কয় যে কোনোৱে বেয়া কাম কৰিব নালাগে।মুখ্যমন্ত্ৰী গৰাকীৰ আজি এই পৰিদৰ্শন কালত সংগ দিয়ে ৰাজনৈতিক সচিব তথা নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা, ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য মধুৰাম ডেকা,নলবাৰী জিলাৰ উপায়ুক্ত গীতুমনি ফুকন,নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ,,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, গৌতম কনষ্ট্ৰাচনৰ বিষয়ববী,লোকনিৰ্মাণ বিভাগৰ বৰমুৰীয়াসকলৰ লগতে নলবাৰী স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰী আদিয়ে।