টীয়কৰ উত্তৰ দুলীয়াত ক’ভিড ভেকচিন লৈ এগৰাকী বৃদ্ধাৰ মৃত্যু

 12/03/2021 - 12:15
 
 
 
টীয়কঃ টীয়কৰ উত্তৰ দুলীয়া গাঁৱত ক'ভিড ভেকচিন লৈ এগৰাকী বৃদ্ধাৰ মৃত্যু হয়। ভেকচিন লোৱাৰ ৩ ঘণ্টাৰ পাছতে মৃত্যু হয় ৭০ বছৰীয়া বৃদ্ধা গৰাকীৰ। লাৱণ্য দাস নামৰ বৃদ্ধা গৰাকীৰ মৃত্যুৰ পূৰ্বে সম্পূৰ্ণ সুস্থ আছিল বুলি পৰিয়ালৰ লোকে জনাইছে।
 
ভেকচিন লোৱাৰ তিনিঘণ্টাৰ পাছতে বুকুত বিষ অনুভৱ কৰে। বৃদ্ধা গৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। মৃতদেহ মৰনোত্তৰ পৰীক্ষা বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।