৭৬ বছৰৰ পিছত হঠাতে ফুটিল দ্বিতীয় বিশ্বযুদ্ধৰ ২৫০ কেজি ওজনৰ বোমা

 12/03/2021 - 13:16
 
 
নিউজ ডেস্কঃ জাৰ্মানীৰ মিউনিখ চহৰত ৭৬ বছৰৰ পিছত হঠাতে ফুটিল দ্বিতীয় বিশ্বযুদ্ধৰ ২৫০ কেজি ওজনৰ বোমা। ইয়াৰ ফলত সমগ্ৰ চহৰখনতে আতংক বিয়পি পৰে। বোমাৰ বিস্ফোৰণ জনসমাগমস্থলীত হোৱা নাছিল যদিও এই আকস্মিক দুৰ্ঘটনাত চাৰিজন লোক গুৰুতৰভাৱে আহত হয়।
 
এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।বিবিচিৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি বুধবাৰে চহৰখনৰ ৰে’ল সুৰংগৰ বাবে ড্ৰিলিং কৰোঁতে বোমাটো বিস্ফোৰণ হয়। উল্লেখ্য যে দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰিছিল ১৯৪৫ চনত অৰ্থাৎ বোমাটো উক্ত ঠাইত কমেও ৭৬ বছৰ ধৰি পৰি আছিল।
 
বিশ্বযুদ্ধৰ সময়ৰ অবিস্ফোৰিত বোমা জাৰ্মানীত পোৱাটো এটা সাধাৰণ ঘটনা। দেশখনত বহু বোমা বিশেষজ্ঞসকলে নিষ্ক্ৰিয় কৰিছিল। কিন্তু ২৫০ কিলোগ্ৰামৰ এই আকাশীযানৰ পৰা পেলোৱা বোমাটোৰ কথা কোনেও গম পোৱা নাছিল। এই বোমাৰ তথ্য কাৰো হাততে নাছিল।এখন দলঙৰ ওচৰত সুৰংগ নিৰ্মাণৰ কামৰ সময়ত বোমাটো বিস্ফোৰণ হৈছিল। এটা প্ৰচণ্ড শব্দ কৰি বোমাটো ফুটিছিল আৰু চৌদিশে ধোঁৱাই আঁৱৰি ধৰিছিল।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।