হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গলৈ ২০২১ বৰ্ষৰ চ্যুকাফা বঁটা

 12/03/2021 - 13:34
 
 
নিউজ ডেস্কঃ কণ্ঠশিল্পী জুবিন গাৰ্গলৈ আগবঢ়োৱা হৈছে ২০২১ বৰ্ষৰ চ্যুকাফা বঁটা৷ সোণাৰিৰ চ্যুকাফা দিৱসৰ অনুষ্ঠানত এই ঘোষণা কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰথমবাৰৰ বাবে প্ৰদান কৰিব এই বঁটা। ]
 
জুবিন গাৰ্গ হ’ব প্ৰথমগৰাকী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰদান কৰা চ্যুকাফা বঁটা প্ৰাপক। যুৱ ছাত্ৰ পৰিষদে গুৱাহাটীত প্ৰদান কৰিব এই বঁটা। সোণাৰিত অনুষ্ঠিত কেন্দ্ৰীয় চ্যুকাফা দিৱসৰ সাংস্কৃতিক সন্ধিয়াত এইকথা ঘোষণা কৰিলে সংগঠনটোৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।