গোগামুখৰ বিভিন্ন সমস্যাৰ ওপৰত জিলা উপায়ুক্তলৈ স্মাৰক প্ৰেৰণ গোগামুখ আছুৰ

 06/04/2019 - 18:15

গোগামুখঃ গোগামুখ আছুৱে গোগামুখৰ বিভিন্ন সমস্যাৰ ওপৰত মংগলবাৰে এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে ধেমাজি জিলাৰ উপায়ুক্তলৈ৷ গোগামুখত বহুদিনৰ পৰাই দেখা দি থকা কেতবোৰ সমস্যাই গোগামুখৰ শৈক্ষিক আৰু সামাজিক বাতাবৰণৰ লগতে উশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰাৰ সন্দৰ্ভত এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠটোৱে৷

গোগামুখ আছুৰ সভাপতি যুগল কৃষ্ণ ফুকন আৰু সাধাৰন সম্পাদক অৰ্নিবান শইকীয়াই জানিবলৈ দিয়া মতে গোগামুখ চহৰখনত অবৈধভাৱে নিচাযুক্ত সামগ্ৰীৰ প্ৰচলনে গোগামুখৰ যুৱকসকলক গ্ৰাস কৰাৰ ফলত উশৃংখল পৰিবেশৰ সৃষ্টি হোৱাৰ লগতে শৈক্ষিক পৰিবেশ বিনষ্ট হৈছে৷

এই নিচাযুক্ত সামগ্ৰীৰ অবাধ প্ৰচলনে বহুলোকৰ পাৰিবাৰিক কন্দলৰ লগতে কাঠফুলাৰ দৰে গঢ়ি উঠা অনুজ্ঞাপত্ৰবিহীন ধাবা আৰু হোটেলসমূহত সুৰাৰ অবাধ প্ৰচলনে গোগামুখৰ সামাজিক পৰিবেশ বিনষ্ট কৰিছে৷ গোগামুখত এটি চৰকাৰী বাচ আস্থান থকা সত্বেও ইয়াক সৎ ব্যৱহাৰ নকৰি য’তে ত’তে যান-বাহন ৰখাই দুৰ্ঘটনাৰ অগ্ৰণী সংকেট অনাৰ লগতে যাত্ৰীবাহী ৰাইজৰ উপৰি জনসাধাৰণ অসুবিধাৰ সন্মুখীন হোৱাৰ পৰিলক্ষিত হৈছে৷

এই ক্ষেত্ৰত যান-বাহন আৰক্ষীৰ চূড়ান্ত ব্যৰ্থতাক ধিক্কাৰ দিছে সংগঠনটোৱে৷ গোগামুখ চহৰখনত সুপৰিকল্পিত নলা নৰ্দমাৰ ব্যৱস্থা নকৰাৰ ফলত এজাক বৰষুন দিলেই এক কদৰ্যময় পৰিবেশৰ সৃষ্টি হোৱাত চহৰখনত সাধাৰণ ৰাইজে জীয়াতু ভূগিবলগা হয়৷ এই ক্ষেত্ৰত অতি শীঘ্ৰে নলা-নৰ্দমাসমূহ নিৰ্মাণ কৰিবলৈ দাবী জনায়৷

গোগামুখবাসীৰ দীৰ্ঘদিনীয়া সমস্যা স্থায়ী অগ্নিনিৰ্বাপনৰ কাৰ্যালয় স্থাপনৰ বাবে সংগঠনটোৱে দাবী জনোৱাৰ লগতে স্থায়ী অগ্নিনিৰ্বাপন বাহনৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়৷ আনহাতে বৃহত্তৰ গোগামুখত দিনক দিনে অসামাজিক আৰু অপৰাধজনিত সমস্যা বৃদ্ধি পোৱাত চহৰখনৰ জনসাধাৰণ নিৰাপত্তাহীনতাত ভূগিবলগীয়া হৈছে৷

ৰাজহুৱা স্থানসমূহত মুকলিভাৱে অবাধ জুৱা খেলৰ প্ৰচলন, চহৰখনৰ মাজ মজিয়াত হৈ থকা চুৰি কাৰ্যসমূহ বন্ধ কৰিবলৈ প্ৰশাসনক দাবী জনায়৷ গোগামুখ চহৰখনৰ মাজেৰে বৈ যোৱা জানৰ ওপৰত অবৈধভাৱে বহুলোকে দখল কৰাৰ লগতে পেলনীয়া সামগ্ৰী পেলাই জানটো পুতি পেলোৱাৰ ফলত জানটোৰ গতি ৰুদ্ধ হৈ পৰা পৰিলক্ষিত হৈছে৷ ইয়াৰ ফলত গোগামুখত কৃত্ৰিম বান পানীৰ সৃষ্টি হোৱাৰ আংশকা কৰা হৈছে বুলি সংগঠনটোৰ নেতৃবৰ্গই জানিবলৈ দিছে৷

উল্লেখ্য যে সংগঠনটোৱে গোগামুখ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে ধেমাজি জিলা উপায়ুক্ত, ধেমাজি আৰক্ষী অধীক্ষক, ধেমাজি পৰিবহণ বিভাগ, ধেমাজি জিলাৰ অগ্নি নিৰ্বাপন বাহিনী, ধেমাজি বিধান সভা সমষ্টিৰ বিধায়ক আৰু ধেমাজি জিলা পৰিষদলৈ স্মাৰক পত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।