সোণালী জয়ন্তী বৰ্ষ গৰকিলে, আজিও পূৰ নহ’ল বিদ্যালয়ৰ খালী পদ

 12/03/2021 - 15:11
 
 
নলবাৰীঃ ইতিমধ্যে পাঁচ জনকৈ ছাত্ৰই বিদ্যালয়খনৰ পৰা উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। উচ্চতৰ মাধ্যমিক কলা শাখাত ১৯৮০ চনত আলী আকবৰ হুছেইন প্ৰথম স্থান, ১৯৮৫ চনত আব্দুৰ ৰৌফ কলা শাখাত প্ৰথম স্থান আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১৯৮৮ চনত ওবাইড আল্লাই নৱম স্থান, ২০০৪ চনত হৰজ্যোতি ডেকাই ঊনৈছ তম স্থান আৰু ২০১৭ চনত নুৰুল হক আলীয়ে অসমৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।
 
শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ শিক্ষা বিভাগৰ পয়ালগা অৱস্থাৰ বাবে এতিয়া বৰক্ষেত্ৰীৰ এই বিদ্যালয়খনৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ জীৱন অনিশ্চিত ভৱিষ্যতৰ দিশে অগ্ৰসৰ হৈছে৷ ১৯৬১ চনতে বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাণকেন্দ্ৰস্বৰুপ মুকালমুৱাত বিহগী কবি ৰঘুনাথ চৌধাৰীৰ নামেৰে নামাংকিত উচ্চতৰ মাধ্যমিক বিদ্যালয়খনত সম্প্ৰতি অধিকাংশ পদ খালী হৈ থকা বিষয়টোৱে সচেতন মহলকো চিন্তিত কৰি তুলিছে৷ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ অধিকাংশ পদ খালী হৈ থকাত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকল বিপাঙত পৰিছে৷
 
জানিব পৰা মতে অঞ্চলটোৰ চৰকাৰী উচ্চ শিক্ষাৰ একমাত্ৰ ভৰষাস্থলী ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ২৭ টাতকৈ অধিক পদ খালী হৈ আছে৷ বিশেষকৈ উচ্চতৰ মাধ্যমিকত খালী হৈ থকা ১১ টা পদে নতুনকৈ নাম ভৰ্তি কৰা ছাত্ৰ-ছাত্ৰী সকলক বিপাঙত পেলাইছে৷ বিদ্যালয়খনৰ কলা শাখা, বিজ্ঞান শাখা আৰু বাণিজ্য শাখাৰ এঘাৰটা বিষয়ৰ শিক্ষক নোহোৱাত বিদ্যালয় কৰ্তৃপক্ষয়ো ছাত্ৰ-ছাত্ৰী সকলক লৈ চিন্তিত হৈ পৰিছে৷
 
অসমীয়া, ঐচ্ছিক অসমীয়া, অৰ্থনীতি বিজ্ঞান, শিক্ষা, ভুগোল, উদ্ভিদ বিজ্ঞান, প্ৰাণী বিজ্ঞান, গণিত, বেংকিং, ভূ-তত্ব বিষয়ত এজনো শিক্ষক নোহোৱাৰ বিপৰীতে ৰাজনীতি বিজ্ঞান বিষয়ৰ মাত্ৰ এগৰাকী শিক্ষক আছে বিদ্যালয়খনত৷ তদুপৰি হাইস্কুল পৰ্যায়ৰ সংস্কৃত, আৰৱী, হিন্দী,বিজ্ঞান বিষয়কে ধৰি কেইবাটও বিষয়ৰ শিক্ষকৰ পদ খালী হৈ থকাৰ লগতে কাৰ্যালয় সহায়কৰ দুটাকৈ পদ খালী হৈ আছে।পৰ্যাপ্ত শিক্ষাৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰীৰ লগতে সচেতন মহলে সকলে বিদ্যালয়খনত খালী হৈ থকা শিক্ষকৰ পদত শিক্ষক নিযুক্তিৰ দাবী জনাইছে ৷ 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।