সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়ন, গোলাঘাট জিলা কমিটিৰ উদ্যোগত ধৰ্মঘট কাৰ্যসূচী

 12/03/2021 - 19:25
 
 
গোলাঘাটঃ সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ সমগ্ৰ দেশৰ লগতে গোলাঘাট জিলা কমিটি উদ্যোগত ধৰ্মঘট কাৰ্যসূচী পালন কৰে। শ্ৰমিক সকলে এক সমদল কৰি গোলাঘাট জিলা সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয় সমীপত প্ৰতিবাদ সাব্যস্ত কৰি শ্ৰমিকৰ অধিকাৰ চৰকাৰে কাঢ়ি নিব নোৱাৰিব বুলি সকীয়াই দিয়ে। ভুৱা শ্ৰমিক হুচিয়াৰ, শ্ৰমিকৰ নামত দালালি বন্ধ কৰক, শ্ৰমিকসকলৰ সুৰক্ষা প্ৰদান কৰক বিভিন্ন ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে। শ্ৰমিকসকলে দাবী কৰে; নিৰ্মাণ শ্ৰমিক কল্যান আইন ৰক্ষা কৰক, নিৰ্মাণ শ্ৰমিকৰ হিতসমূহ আদায় দিয়ক, ভুৱা নিৰ্মাণ শ্ৰমিকৰ পঞ্জীয়ন বন্ধ কৰক, নিৰ্মাণ শ্ৰমিক মজুৰি বৃদ্ধি কৰক আৰু বহু কেইটা গুৰুত্বপূৰ্ণ দাবী জনায় চৰকাৰক। এই দাবীসমূহ চৰকাৰে পূৰণ নকৰিলে ভৱিষ্যতে সমগ্ৰ দেশৰ জুৰিত গণতান্ত্ৰিকভাৱে আন্দোলন চলাই যাব বুলি সংগঠনটিয়ে জানিব দিয়ে  উক্ত কাৰ্যসূচীত চি ই টি ইউ জিলা সম্পাদক প্ৰকাশ হাজৰিকা, সদৌ অসম শ্ৰমিক ইউনিয়নৰ গোলাঘাট জিলা কমিটি সভাপতি জিতেন ৰাভা, সম্পাদক গোবিন বৰা, শ্ৰমিক নেতা দিলীপ কোঁৱৰ আৰু বিভিন্ন স্থানৰ পৰা অহা শ্ৰমিকসকল উপস্থিত আছিল।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।