ঝাৰখণ্ডত শ্বহীদ হোৱা নিৰজ ছেত্ৰীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন: সমগ্ৰ গহপুৰতে শোকৰ ছাঁ

 06/04/2019 - 18:25

গহপুৰ: এক জুন তাৰিখে ঝাৰখণ্ডত মাওবাদীৰ আক্ৰমণত শ্বহীদ হোৱা নিৰজ ছেত্ৰীৰ নশ্বৰ দেহ আজি পুৱা গহপুৰৰ কাৰিবিলৰ নিজ বাসগৃহলৈ অনা হয়। শতাধিক মটৰ চাইকেল আৰু গাড়ীয়ে শোভাযাত্ৰা কৰি অনা মৃতদেহটো এবাৰ প্ৰত্যক্ষ কৰিবৰ বাবে হেজাৰ হেজাৰ লোক উপস্থিত হয়। এই সময়চোৱাত সম্পূৰ্ণ এক শোকাকুল পৰিবেশে বিৰাজ কৰে সমগ্ৰ কাৰিবিল অঞ্চলত।

উপস্থিত লোকসকলে নিৰজ ছেত্ৰী অমৰ হওঁক, সন্ত্ৰাসবাদী নিপাত যাওঁক আদি শ্ল'গানেৰে আকাশ বতাহ কঁপাই তোলে। সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হোৱা অন্ত্যেষ্টিক্ৰিয়া কাৰ্যসূচীত গহপুৰ মহকুমা প্ৰশাসনৰ লগতে বিশ্বনাথ জিলা প্ৰশাসন আৰু বিভিন্ন দল সংগঠনে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।