যোৰহাট আৰক্ষীয়ে মুকলি কৰিলে ফোন নম্বৰ আৰু ই-মেইল, অনিমেষ হত্যাকাণ্ডৰ যিকোনো তথ্য প্ৰমাণ থাকিলে আৰক্ষীক প্ৰদান কৰিবলৈ অনুৰোধ

 12/04/2021 - 13:17
 
 
নিউজ ডেস্কঃ যোৰহাট কাণ্ডৰ ওপৰত আৰক্ষীয়ে যোৰহাটবাসী ৰাইজক বিশেষ গোহাৰি জনাইছে।কোনো ব্যক্তিৰ লগত যদি উক্ত ঘটনাৰ যিকোনো ধৰণৰ সাক্ষ্য-প্ৰমাণ মজুত আছে তেন্তে সেইসকল ব্যক্তিক এই তথ্য-প্ৰমাণসমূহ আৰক্ষীক প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে যোৰহাট আৰক্ষীয়ে। এনে তথ্যসমূহ আৰক্ষীলৈ 94357-13910 মোবাইল নম্বৰত ৱাটছএপ যোগে আৰু spofficejht2021@gmail.com ইমেইলত প্ৰেৰণ কৰিব পাৰিব। এই ঘটনা সন্দৰ্ভত তথ্য যোগান ধৰা লোকসকলৰ পৰিচয় গোপনে ৰখা হ'ব বুলি যোৰহাটৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে জানিবলৈ দিছে। এই সন্দৰ্ভত কোনো তথ্য-প্ৰমাণ জনাবলৈ আৰক্ষী অধীক্ষক অথবা অতিৰিক্ত আৰক্ষী অধীক্ষকক কাৰ্যালয়ত সাক্ষাৎ কৰিও তথ্য-প্ৰমাণৰ যোগান ধৰিব পাৰে।ইতিমধ্যে এই ঘটনাৰ তদন্তৰ বাবে ডিএছপি খিতেশ্বৰ বনিয়াৰ নেতৃত্বত এই ঘটনাৰ তদন্তৰ বাবে এটা এছআইটি গঠন কৰা হৈছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।