12/04/2021 - 13:59
in
শালবাৰীঃ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া ৰাজাবিল থাকমাপাৰাত বনৰীয়া ভালুকৰ সন্ত্ৰাস। আজি পুৱা থাকমাপাৰাত আঘাতপ্ৰাপ্ত ভালুকটোক প্ৰত্যক্ষ কৰি আতংকিত হৈ পৰিছিল স্থানীয় ৰাইজ।
পিছত ঘটনাস্থলীত উপস্থিত হৈ ৰাইজ তথা 27Bn SSB ৰ সহযোগত বন বিভাগে ভালুকটোক ট্ৰেংকুলাইজ কৰে। সম্প্ৰতি মানাহৰ বাহবাৰী বনাঞ্চলৰ মাহুত কেম্পত চিকিৎসা কৰি থকা হৈছে৷
ভালুকটোক বতৰৰ পৰিবৰ্তন তথা মানাহত ভালুকৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে বিগত দিনবোৰত জনাঞ্চলত সন্ত্ৰাস চলাই আহিছে ভালুকে বুলি মন্তব্য প্ৰদান কৰে বন বিষয়া বাবুল ব্ৰহ্মই। উল্লেখ্য যে, গাঁও অঞ্চলত সন্ত্ৰাস চলোৱা তিনিটাকৈ ভালুকক ইতিমধ্যে পিঞ্জৰাবদ্ধ কৰি বনাঞ্চলত মুকলি কৰি দিয়া হৈছে।