12/04/2021 - 14:06
in
চাপৰঃ নামনি অসমৰ খিলঞ্জীয়া মুছলমান লোক সকলৰ অন্যতম জনগোষ্ঠী দেশী, গৰিয়া-মৰিয়া। বিতৰ্কিত লেখিকা শিখা শৰ্মাৰ যোৱা শুকুৰবাৰ দিনা নামনি অসমৰ ঐতিহাসিক পানবাৰী মছজিদত উপস্থিত হৈ দেশী, গৰিয়া-মৰিয়া লোক সকলক লৈ বিতৰ্কিত মন্তব্যক লৈ এতিয়া জাঙুৰ খাই উঠিছে খিলঞ্জীয়া মুছলমান লোকসকল। দেশী জনগোষ্ঠী মঞ্চ আৰু যুৱ পৰিষদে শিখা শৰ্মাক নিগনিৰ লগত তুলনা লগতে দেশী,গৰিয়া মৰিয়া অধ্যুষিত অঞ্চলত প্ৰৱেশ নিষিদ্ধ ঘোষণা। অনতি পলমে শিখা শৰ্মাই কৰা মন্তব্যৰ বাবে ৰাজহুৱাভাৱে ক্ষমা নুখিজিলে শিখা শৰ্মাৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব।