জামুগুৰিহাটৰ ধলাইবিলত দুটাকৈ চৰকাৰী উন্নয়নমূলক আঁচনিৰ শুভ উদ্বোধন

 12/04/2021 - 15:27
 
 
জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ধলাইবিল ব্যৱসায় কেন্দ্ৰত আজি দুটাকৈ পঞ্চায়তৰ উন্নয়নমূলক আঁচনিৰ শুভ উদ্বোধন কৰা হয়৷ ধলাইবিল দুৰ্গা মন্দিৰ নিৰ্মাণ আৰু উত্তৰ জামুগুৰি লেখিকা সমাৰোহ সমিতিৰ স্থায়ী ভূমিত এটি কাৰ্য্যালয় গৃহ নিৰ্মাণ কাৰ্য্যৰ ৰঙাফিটা কাটি শুভ উদ্বোধন কৰে নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি অজিত পায়েঙে৷
 
নিৰ্মাণ কাৰ্য্য শুভাৰম্ভ কৰি আঞ্চলিক পঞ্চায়তৰ সভাপতি গৰাকীয়ে কয় যে- ৰাইজৰ সেৱা কৰাই আমাৰ প্ৰধান উদ্দেশ্য৷ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত আমি নদুৱাৰ উন্নয়নখণ্ডৰ এলেকাৰ প্ৰতিটো পঞ্চায়তৰ দুখীয়া দৰিদ্ৰ ৰাইজৰ দুখ মোচন কৰিবলৈ সক্ষম হৈছো৷
 
বিধায়ক গৰাকীৰ উন্নয়নমুখী কাম-কাজত আমি সকলো শ্ৰেণী ৰাইজে সহযোগীতা আগবঢ়োৱা উচিত বুলি মন্তৱ্য কৰে সভাপতি গৰাকীয়ে৷ লেখিকা সমাৰোহ সমিতিৰ কাৰ্য্যালয় গৃহ নিৰ্মাণৰ শুভ উদ্বোধনী অনুষ্ঠানত নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা ৰূপালী বৰাইও বক্তব্য প্ৰদান কৰে৷ অনুষ্ঠানত দক্ষিণ মূঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি দিলীপ সেনাপতি প্ৰমুক্ষে কৰি পঞ্চায়তটোৰ আটাইকেইগৰাকী ওৱাৰ্ড সদস্য উপস্থিত থাকে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।