12/04/2021 - 17:04
in
পূৱ বৰপেটাঃ সৰ্থেবাৰীত আৰক্ষীৰ জালত পৰিল তিনি গভাইত চোৰ। বিদ্যুত পৰিবাহী তাঁৰ চোৰ চক্ৰৰ দুজন চোৰ পৰিল সৰ্থেবাৰী আৰক্ষীৰ জালত।উল্লেখ্য যে সৰ্থেবাৰীত বিদ্যুত বিভাগৰ টুপনি হৰিছিল চোৰে। নিশা হ’লেই বিদ্যুত পৰিবাহী তাঁৰ চুৰ কৰে চোৰে। বিগত এসপ্তাহৰ ভিতৰত তিনিবাৰকৈ চোৰে চলাইছিল চাফাই অভিযান।
চেঙাৰ পৰা সৰ্থেবাৰীলৈ বিদ্যুত সৰবৰাহ হৈ থকা বিদ্যুত বিভাগৰ লাইনত চোৰে চলাইছিল চাফাই অভিযান। আৰক্ষীৰ নিস্ক্ৰিয় ভূমিকাৰ সুযোগ লৈ সৰ্থেবাৰীত চোৰে চলাইছিল সন্ত্ৰাস। এক ডিচেম্বৰৰ নিশা দুই বজাত বিলৰ মাজত চোৰৰ দলে বিদ্যুত পৰিবাহী তাঁৰ খুলি থকা অৱস্থাতে আৰক্ষীৰ দলসহ বিদ্যুত বিভাগৰ বিষয়া প্ৰকাশ শৰ্মা ঘটনাস্থলীত উপস্থিত হৈছিল যদিও চোৰৰ দল পলাই সাৰিছিল।
কিন্ত এটা মোবাইলৰ আলম লৈ বিগত দুটা দিনত অভিযান চলাই সৰ্থেবাৰী আৰক্ষীয়ে দুজনকৈ গভাইত চোৰক ধৰিবলৈ সক্ষম হয়। এতিয়াও পাঁচজনকৈ গভাইত চোৰ পলাতক হৈ আছে বুলি জানিব পৰা গৈছে। ধৃত চোৰ দুটা হৈছে আব্দুল কায়েম আৰু চাকাত আলী। মুকালমুৱাৰ আদাবাৰীত ঘৰ দুই গভাইত চোৰৰ।