শিৱসাগৰৰ এখন ব্যতিক্ৰমী চৰকাৰী বিদ্যালয়ঃ প্ৰাথমিক পৰ্যায়তে দিছে কলেজ-বিশ্ববিদ্যালয়ৰ পৰিবেশ

 06/04/2019 - 18:44

শিৱসাগৰঃ এখন ব্যতিক্ৰমী চৰকাৰী বিদ্যালয়৷ গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা লখিমী নগৰ মধ্য ইংৰাজী বিদ্যালয়খনৰ পৰিবেশে সকলোৰে মন মুহিছে৷ শিক্ষাগুৰুসকলে প্ৰাথমিক পৰ্যায়তে শিক্ষাৰ্থীসকলক দিছে কলেজ-বিশ্ববিদ্যালয়ৰ পৰিবেশ৷ মন কৰিলেই চন, বাকৰিৰ মাটিতেই ধন৷ অসমীয়া ভাষাৰ এই আপ্ত বাক্য শাৰীকেই যেন বাস্তৱায়িত কৰিছে এইখন চৰকাৰী বিদ্যালয়ে৷

সততাৰ প্ৰতীক বিদ্যালয়খনৰ শিক্ষাগুৰুসকলে প্ৰতিষ্ঠানখন গঢ়ি তুলিছে ব্যতিক্ৰমী ৰূপত৷ ১৯৮৫ চনত স্থাপিত বিদ্যালয়খন নগৰৰ সমীপৰ দিখৌৰ পাৰৰ এক নান্দনিক পৰিবেশত অৱস্থিত৷ বিদ্যালয়খনত প্ৰৱেশ কৰিলেই আপোনাৰ চকুত পৰিব কিছু মন পৰশা শব্দ আৰু বাক্য৷ গছৰ মূঢ়া, পেলনীয়া সামগ্ৰী আদিও প্ৰাণ পাই উঠিছে বিদ্যালয়ৰ চৌহদত৷

প্ৰতিটো গছৰ মূঢ়াত লিপিবদ্ধ কৰা হৈছে বিখ্যাত লোকৰ বাণী৷ পেলনীয়া ঘড়ী, চিলিং ফেনৰ পাংখাখনো প্ৰাণ পাই উঠিছে৷ স্বচ্ছতাক বিশেষ গুৰুত্ব দিয়া বিদ্যালয়খনত প্ৰৱেশ কৰিয়েই আপুনি পাহৰি যাব পাৰে জীৱনৰ সমস্ত দুখ অথবা বিষাদ৷ সাধাৰণতে কলেজ-বিশ্ববিদ্যালয়ত দেখা বহু নিদৰ্শন দেখা যায় লখিমী নগৰ মধ্য ইংৰাজী বিদ্যালয়ত৷

প্ৰাথমিক পৰ্যায়তে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক ধাৰণা দিয়া হৈছে কলেজ বা বিশ্ববিদ্যালয়ৰ৷ গ্ৰামাঞ্চলৰ দৰিদ্ৰ শিক্ষাৰ্থীয়ে অধ্যয়ন কৰা বিদ্যালয়খনৰ প্ৰতিটো কোঠাৰে আছে একোটা সুন্দৰ নাম৷ আলহী বহা কোঠাটোৰ জোনাকী কাৰেং৷ প্ৰধান শিক্ষক বহা কোঠাটোৰ নাম সাতসৰী৷ লগতে আছে বহুকেইটা কম্পিউটাৰ৷ শইচৰ পথাৰ নামৰ কোঠাটোত শিক্ষাগুৰুসকলৰ জিৰণি কোঠা৷

পুথিভঁৰালটোৰ নাম দিয়া হৈছে গৰীয়সী৷ সেইদৰে আৰ্যভট্ট, বনফুল, জোনাকী আদি বিভিন্ন শ্ৰেণী কোঠাৰ নাম৷ প্ৰতিবছৰে বৃত্তি পৰীক্ষাত সফলতা প্ৰদৰ্শন কৰি অহা বিদ্যালয়খনৰ পৰা প্ৰকাশ হয় মৰূদ্যান আৰু আখৰা নামৰ দুখন আলোচনী৷ প্ৰকাশ কৰা হয় প্ৰাচীৰ পত্ৰিকা৷ ছাত্ৰ-ছাত্ৰীসকলে কেতিয়াও দিনটো একেটা শ্ৰেণী কোঠাতে শিক্ষা গ্ৰহণ নকৰে৷

কলেজৰ দৰেই ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন কোঠাত পাঠদান গ্ৰহণ কৰে৷ কেৱল চৰকাৰে প্ৰদান কৰা দৰমহাকেইটাৰ বাবে চাকৰি নকৰি এইসকল শিক্ষাগুৰুৱে মানুহ গঢ়াৰ কমাৰশালত প্ৰতিনিয়ত আত্মনিয়োগ কৰিছে৷ যি সময়ত ইখনৰ পিছত সিখন চৰকাৰী বিদ্যালয় বন্ধ হোৱাৰ উপক্ৰম হৈছে, সেইখিনি সময়ত লখিমী নগৰ মধ্য ইংৰাজী বিদ্যালয় হ'ব পাৰে বহুতৰ বাবে আদৰ্শৰ প্ৰতীক৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।