12/04/2021 - 18:53
in
নলবাৰীঃ ৫৯ তম নিখিল ভাৰত অসামৰিক প্ৰতিৰক্ষা ও গৃহৰক্ষী দিৱসৰ আগ মূহুৰ্তত আজি নলবাৰী জিলাৰ বৰজাৰস্থিত প্ৰথম অসম বিশেষ সংৰক্ষিত বাহিনীৰ উদ্যোগত সুৰাদী হাইস্কুলৰ প্ৰাংগনত চাফাই অভিযান তথা শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ কৰে। অহা ৬ ডিচেম্বৰত পালন কৰিব ৫৯ তম নিখিল ভাৰত অসামৰিক প্ৰতিৰক্ষা ও গৃহৰক্ষী দিৱস।
সেই উদ্দেশ্য আগত ৰাখি আজি ৪ ডিচেম্বৰ তাৰিখে বাহিনীটোৱে বিভিন্ন কাৰ্যসূচী হাতত লয়। আজি প্ৰথম দিনটোত সুৰাদী হাইস্কুলৰ পৰা আৰম্ভ কৰে শ্ৰমদান কাৰ্যসূচীৰে। ৰাতিপুৱা ৮ বজাৰ পৰা ১০ বজালৈ সুৰাদী হাইস্কুল প্ৰাংগন স্বচ্ছ কৰাৰ প্ৰচেষ্টাৰে শ্ৰমদান কাৰ্যসূচী অহাকালি ছাত্ৰ-ছাত্ৰীৰ মাজত ৰচনা কুইজ প্ৰতিযোগীতা আৰু ৬ ডিচেম্বৰ দিনা দিৱসৰ লগত সংগতি ৰাখি কাৰ্যসূচী শেষ কৰিব।
আজি উক্ত অনুষ্ঠানটোত উপস্থিত থাকে (ASRF) বাহিনীৰ R.I ৰবি শংকৰ ডেকা S.M হাজিন ৰাভা QM.I প্ৰমোড ডেকা, গাণনিক বিষয়া গণেশ ডেকাকে আদি কৰি বাহিনীটোৰ বিষয়ববীয়াকে ধৰি জোৱান সকল উপস্থিত থাকে। উক্ত অনুষ্ঠানত সুৰাদী হাইস্কুলৰ অধীক্ষকে ধৰি শিক্ষক কৰ্মচাৰী ছাত্ৰ-ছাত্ৰীসকলৰ লগতে পূৱ নাম্বৰভাগ আঞ্চলিক গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ বিষয়ববীয়া সদস্যসকলে সহায় সহযোগ কৰাৰ লগতে বাহিনীটোৰ বিষয়ববীয়া সকলক সম্বৰ্ধনা জনায়।